Assamese Calendar 2025 Rashifal

ৰাশিফল: 21-27 April 2025

মেঘ ৰাশি

এই সপ্তাহত, আপুনি নিজৰ ব্যস্ততাপূৰ্ণ সময়সূচীৰপৰা কিছু সময় উলিওৱা উচিত আৰু পৰিয়ালৰ সদস্য তথা সম্পৰ্কীয় ব্যক্তিসকলৰ সৈতে সময় কটোৱা উচিত কাৰণ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি দ্বিতীয় গৃহত বিৰাজমান হোৱাৰ কাৰণে এই সপ্তাহত আপুনি আৰ্থিক জীৱনত লাভাম্বিত হ"ব, কিন্তু যদিহে আপুনি এই সময়ছোৱাত কোনো বিনিয়োগ কৰিব বিচাৰে, তেনেহ"লে বাস্তৱ পৰিস্থিতিসমূহ ভলাদৰে চালি-জাৰি চাওক আৰু তাৰপিছতহে বিনিয়োগ কৰক। অন্যথা, আপোনাৰ ধন ক"ৰবাত আৱদ্ধ হৈ থাকিব পাৰে।" "এই সপ্তাহত, আপুনি পৰিয়ালত কোনো তৰ্ক-যুদ্ধত লিপ্ত হোৱাটো পৰিহাৰ কৰি চলা উচিত। কাৰণ এনে নকৰিলে আনৰ সম্মুখত আপোনাৰ প্ৰতিচ্ছবি নষ্ট হ"ব পাৰে। সেয়েহে, যদিহে কাৰো সৈতে সমস্যা আছে, তেনেহ"লে কথা-বতৰাৰদ্বাৰা শান্তিপূৰ্ণভাৱে সেইবোৰৰ সমাধান কৰিবলৈ চেষ্টা কৰক। " বহু সময়ত আমি বহু কথা আমাৰ জীৱনসঙ্গীক এই বুলি ভাবি ক’ব নোৱাৰো যে সেই কথা শুনি তেওঁ নো কি ভাবিব। কিন্তু এই সময়ত আমি বুজা উচিত যে সেই কথা কোনো তৃতীয় ব্যক্তিয়ে জীৱনসঙ্গীক কৈ দিয়াৰ পূৰ্বে আপুনি নিজেই সেই কথা তেওঁৰ আগত প্ৰকাশ কৰি কোনো ধৰণৰ ভুল বুজাবুজি হোৱাৰপৰা বিৰত থাকক। আপোনাৰ ৰাশিচক্ৰত বহুতো শুভ গ্ৰহৰ অৱস্থান আপোনাৰ শত্ৰুসকলৰ বাবে ভাল নহয়। কাৰণ এই সময়খিনিত, তেওঁলোক সক্ৰিয় হৈ থাকিব, কিন্তু আপুনি তেওঁলোকতকৈ সদায় এখোজ আগত থাকিব আৰু তেওঁলোকক পৰাজিত কৰিবলৈ সক্ষম হ"ব। আপোনাৰ ৰাশিচিহ্নৰ গ্ৰহ-নক্ষত্ৰই ইংগিত দিছে যে এই সপ্তাহটো বহুতো শিক্ষাৰ্থীৰ বাবে অকলশৰীয়া হ"ব। এনে পৰিস্থিতিত, আপুনি আপোনাৰ পোহনীয়া জন্তুৰ সৈতে সময় কটাই বা পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতি এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। জীৱনৰ সময়বোৰ কেতিয়াবা অত্যন্ত কঠিন যেন লাগে আৰু এই সপ্তাহতো আপুনি নিজৰ বিবাহিত জীৱনত এনে অনুভৱেই কৰিব পাৰে। যাৰ বাবে আপুনি ঘৰৰপৰা দূৰলৈ গুচি যাবলৈ মন কৰিব। গতিকে আপুনি ঘৰৰ বাহিৰত সচৰাচৰতকৈ অধিক সময় অতিবাহিত কৰিব।

উপায়: নিয়মিতভাৱে হনুমান চালিশা পাঠ কৰক।

বৃষ ৰাশি

আপুনি ভালদৰে জানে যে আপোনাৰ বাবে কি গুৰুত্বপূৰ্ণ আৰু সেয়েহে, আপুনি শক্তিশালী, বুদ্ধিমান হৈ থকাৰ লগতে নিজৰ স্বাস্থ্য ভাল কৰিবৰ বাবে দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। লগতে, আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ বাবে সাজু হৈ থাকিব লাগিব।" "আৰ্থিক সংকট নহ"বৰ বাবে, আপুনি এই সপ্তাহত কঠোৰভাৱে হিচাপ-নিকাচত চলাটো ভাল। এনে এক পৰিস্থিতিত, আৰম্ভণিতে এক সথিক বিত্তীয় পৰিকল্পনা কৰক, য"ত আপুনি নিজৰ জীৱনসঙ্গী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থন লাভ কৰিব পাৰিব, তাৰ পিছত সেইমতে অৰ্থ ব্যয় কৰক। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি একাদশ গৃহত বিৰাজমান হোৱাৰ কাৰণে ব্যস্ততাপূৰ্ণ কাৰ্য্যসূচীৰ মাজতে কোনো সম্পৰ্কীয় লোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাটো এই সপ্তাহত যথেষ্ট শান্তিদায়ক হ"ব পাৰে। এই সময়ছোৱাত আপুনি পৰিয়ালক যতেষ্ট সময় দিব পাৰিব। এনে পৰিস্থিতিত তেওঁলোকক অনুভৱ কৰাওক যে আপুনি তেওঁলোকৰ বাবে চিন্তা কৰে। ইয়াৰ বাবে, তেওঁলোকৰ সৈতে ভাল সময় অতিবাহিত কৰক আৰু তেওঁলোকক কোনো কতাতে অভিযোগ কৰিবলৈ সুৰুঙা নিদিব।" "প্ৰেম হৈছে এক কোমল মিঠা অনুভৱ যাক সকলোৱে বুজি নাপায়। সেয়েহে বাস্তৱবাদী হোৱাতকৈ আৱেগিক হোৱাটোৱে এই সপ্তাহট আপোনালোকৰ সম্পৰ্কটো শক্তিশালী কৰি তুলিব। এনে পৰিস্থিতিত, যদিহে আপুনি ভাগ্যৱান, তেনেহ"লে আপুনি প্ৰেমাস্পদৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰো সুযোগ পাব পাৰে।" "এই সপ্তাহত, ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সংক্ৰান্তীয় কোনো কথা আনক জনোৱাটো পৰিহাৰ কৰা উচিত। কাৰণ আপুনি জনা উচিত যে, আনকিআপোনাৰ পৰিকল্পনাসমূহ আনক জনোৱাৰ ফলতো আপুনি সমস্যাৰ সম্মুখীন হ"ব পাৰে।" উচ্চ শিক্ষাৰ ইচ্ছা থকা শিক্ষাৰ্থীসকলে এই সপ্তাহত তেওঁলোকৰ আকাংক্ষা অনুসৰি সফলতা লাভ কৰিব পাৰে। কিন্তু তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সতৰ্ক হোৱা উচিত। এই ক্ষেত্ৰত, সিদ্ধান্ত লওঁতে যদিহে কোনো সমস্যাই দেখা দিয়ে তেনেক্ষেত্ৰত আপুনি জ্যেষ্ঠ্যসকলৰ সহায় গ্ৰহণ কৰিব পাৰে। "এই সময়ছোৱাত বিবাহিত লোকসকলৰ জীৱনত, এগৰাকী অকনমানি অতিথিৰ আগমনৰ সংকেত শুনা যাব। ইয়াৰ ফলত, আপোনাৰ বিবাহিত জীৱনৰ লগতে গোটেই পৰিয়ালটোলৈ এক সুখৰ বন্যা বৈ আহিব। এই খবৰটোৱে গোটেই ঘৰখনৰ পৰিৱেশটো অত্যন্ত সুখী কৰি তুলিব।

উপায়: আপুনি দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক

মিথুন ৰাশি

এই সপ্তাহত, আপুনি এক অধিক উন্নত জীৱন যাপন কৰিবৰ বাবে স্বাস্থ্য ভাল কৰিবলৈ যত্ন কৰাৰ লগতে ব্যক্তিত্বৰ বিকাশ ঘটাবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত, আপুনি দীৰ্ঘ দূৰত্ব খোজকঢ়া উচিত আৰু যদিহে সম্ভৱ হয়, সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজকঢ়াটো ভাল হ"ব। ই আপোনাক চকুৰ লগতো জড়িত সকলো ধৰণৰ সমস্যাৰপৰা মুক্তি লাভ কৰাত সহায় কৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা কেতু চতুৰ্থ গৃহত বিৰাজমান হোৱাৰ কাৰণে এই সপ্তাহত ভুলবশতঃ কোনো ভূমি বা কোনো সম্পত্তিত বিনিয়োগ কৰাটো পৰিহাৰ কৰিব, অন্যথা এনে কৰাটো আপোনাৰ বাবে মাৰাত্মক হ"ব পাৰে। কিয়নো এই বিনিয়োগৰপৰা ধন হেৰুওৱাৰ লগতে, আপুনি পাৰিবাৰিক আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। "ঘৰৰ এগৰাকী সদস্যৰ পৰামৰ্শৰদ্বাৰা আপুনি এই সপ্তাহত অতিৰিক্ত ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে, যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। লগতে, আপুনি পৰিয়ালৰ সদস্যসকলৰ বাবে আৰু তেওঁলোকৰ বাবে উপহাৰ কিনিবলৈ মুকলি মনেৰে ধন খৰচ কৰা দেখা যাব।" "প্ৰেমৰ ক্ষেত্ৰত, আপুনি এই সপ্তাহত এগৰাকী ভাল প্ৰেমিক/প্ৰেমিকা হিচাপে নিজকে প্ৰমাণিত কৰাত সফল হ"ব আৰু আপোনাৰ প্ৰেমাস্পদে আপোনাৰ সৈতে সময় কটাবলৈ পছন্দ কৰিব। লগতে, আপোনালোকৰ সম্পৰ্কত থকা পূৰ্বৰ সকলোবোৰ বাধা আৰ হ"ব। ইয়াৰ লগতে, আপোনালোকৰ সম্পৰ্কটোত এক সন্তুষ্টিৰ ভাৱ থাকিব আৰু আপুনি আনন্দিত হৈ থাকিব।" "এই সপ্তাহত, আপুনি শৈশৱকালত ভাল পোৱা সকলোবোৰ কাম পুণৰ কৰিব বিচাৰিব। এই কামবোৰ আপোনাৰ কিছুমান গোপন কলা হ"ব পাৰে যেনে নৃত্য, গীত, ছবি অঁকা, ইত্যাদি। অৱশ্যে, ইয়াৰ লগতে আপুনি নিজৰ কেৰিয়াৰ আৰু লক্ষ্যৰ প্ৰতিও মনত ৰখা উচিত।" "এই সপ্তাহত, শিক্ষাৰ ক্ষেত্ৰত পূৰ্বতে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে, আপুনি উত্তম ফলাফল লাভ কৰিব। লগতে, যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে বিশেষভাৱে এই সময়ছোৱা ভাল হ"ব। কাৰণ আপুনি এই দিশত অনুকূল ফলাফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে সফলতা অৰ্জন কৰিবৰ বাবে আগতকৈও কঠোৰ পৰিশ্ৰম কৰি যাব লাগিব।" "যিসকল নৱবিবাহিত দম্পতীয়ে সন্তান লাভৰ বাবে আশা কৰি আছিল, তেওঁলোকে এই সপ্তাহত অনুকূল ফলাফল প্ৰাপ্ত কৰিব পাৰে। অৱশ্যে, আপুনি এই ফল লাভ কৰাৰ পিছত আৱেগিক হৈ পৰিব। ই আপোনাৰ সৈতে জীৱনসঙ্গীৰ সম্পৰ্ক উন্নত কৰিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ বুধায় নমঃ' মন্ত্ৰ জপ কৰক।

কৰ্কট ৰাশি

আপুনি ভৰিৰ বিষ, মোচোকা খোৱা, গাঁথিৰ বিষ আদিৰ পৰা এই সপ্তাহত সকাহ পাব। বিশেষকৈ, এই সপ্তাহটো ৫০ বছৰৰ ওপৰ বয়সৰ লোকসকলৰ বাবে বিশেষভাৱে ভাল হ"ব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি একাদশ গৃহত বিৰাজমান হোৱাৰ কাৰণে এই সপ্তাহত আৰ্থিক পৰিস্থিতিৰ বিকাশৰ ফলত, আপোনাৰ বাবে ঘৰুৱা প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাটো সহজ হ"ব। ইয়াৰ ফলত, আপুনি অধিক ভাল প্ৰদৰ্শন কৰিবৰ বাবে প্ৰয়োজনীয় অনুপ্ৰেৰণা লাভ কৰিব।" "এই সপ্তাহত, আপুনি বন্ধু-বৰ্গ আৰু অন্তৰংগসকলৰ সৈতে ভাল সময় কটাব পাৰিব। এই সময়ছোৱাত, আপুনি তেওঁলোকৰ সৈতে কোনো মনোৰম যাত্ৰা বা বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যি কি নহওক, গাড়ী চলাওঁতে, অধিক সাৱধান হ"ব, অন্যথা কোনো ধৰণৰ লোকচান হ"ব পাৰে।" "এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনলৈ অপ্ৰত্যাশিত সুখ আহিব। আপুনি নিজৰ প্ৰেমাস্পদক সুখী কৰি ৰাখিবৰ বাবে যিকোনো পৰ্য্যায়লৈ যাব পাৰে আৰু ফলস্বৰূপে, আপোনাৰ প্ৰেমাস্পদ সম্পূৰ্ণৰূপে আপোনাৰ প্ৰেমত পৰিব। এই পৰ্য্যায়টোক প্ৰেমত মগ্ন হৈ থকাৰ অৱস্থা বুলি ক"ব পৰা যায়, যিটো আপুনি এই সপ্তাহত অনুভৱ কৰিব।" "আপোনাৰ ৰাশিচক্ৰত থকা গ্ৰসমূহৰ অৱস্থানে সূচায় যে আপোনালোকৰ কোনো কোনোৱে এই সময়ছোৱাত নিজৰ চাকৰিত স্থানান্তৰ বা এটা ভা পৰিৱৰ্তন লাভ কৰিব। অৱশ্যে,আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি অষ্টম গৃহত বিৰাজমান হোৱাৰ কাৰণে আৰম্ভণিৰেপৰা, আপুনি নিজৰ জ্যেষ্ঠ্যসকলৰ সৈতে সম্পৰ্ক ভালে ৰখা উচিত।" "এই সপ্তাহত ঘৰলৈ আকস্মিক অতিথিৰ আগমনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি মনোনিৱেশ ভংগ হ"ব পাৰে। এই সময়ছোৱাত, তেওঁলোকে অধিকাংশ সময় অতিথিৰ সৈতে কটাব আৰু পঢ়াত মন বহুৱাব নোৱাৰিব। ইয়াৰ ফলত, তেওঁলোকে গৃহকাৰ্য্য কৰিবলৈও পাহৰিব। সেয়েহে অতিথিৰ সৈতে সময় কটাওঁতে, পঢ়া-শুনাতো কিছু সময় দিব লাগিব।" "যদিহে আপুনি চেষ্টা কৰে, এই সময়ছোৱাত আপুনি জীৱনসঙ্গীৰ সৈতে জীৱনৰ আটাইতকৈ ভাল সপ্তাহটো কটাব পাৰিব। অৱশ্যে, আপুনি কেৱল নিজৰ অনুভৱসমূহ জীৱনসঙ্গীৰ সম্মুখত ব্যক্ত কৰিব লাগিব।

উপায়:আপুনি দৈনিক 41 বাৰ 'ঔঁ হনুমতে নমঃ' জপ কৰক।

সিংহ ৰাশি

আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি দশম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত, আপোনাৰ স্বাস্থ্য ভাললৈ আহিব। ইয়াৰ ফলত আপুনি খেলা-ধূলা আৰু ঘৰৰ বাহিৰৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব আৰু আপুনি নিজৰ হেৰুওৱা উদ্যম ঘূৰাই পাব।" "যদিহে আপুনি ভাবি-চিন্তি কাম কৰে, তেনেহ"লে এই সপ্তাহত আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। অৱশ্যে, আপুনি সঠিক ৰণনীতি প্ৰস্তুত কৰা উচিত আৰু সেইমতে কাম কৰা উচিত।" "পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা বিশ্ৰামপূৰ্ণ আৰু শান্তিময় সপ্তাহ পাৰ কৰক। যদিহে নিজৰ সমস্যাৰ বাবে কোনো লোক আপোনাৰ ওচৰলৈ আহে, তেনেহ"লে তেওঁলোকক উপেক্ষা কৰক আৰু তেওঁলোকক আপোনাৰ মনৰ শান্তি বিঘ্নিত কৰিবলৈ নিদিব। যদিহে সম্ভৱ হয়, ঘৰত থাকোঁতে ফোনটো দূৰত ৰাখক।" "আপোনাৰ প্ৰেমাস্পদৰ সৈতে আপোনাৰ বিৰোধৰ বাবে এই সপ্তাহত আপোনাৰ ব্যক্তিগত সম্পৰ্কত ফাঁট মেলিব পাৰে। সেয়েহে জীৱনৰ বিভিন্ন দিশত শান্তি লাভ কৰিবৰ বাবে, সৰ্বপ্ৰথমে আপুনি প্ৰেমৰ সম্পৰ্কটো ভাল কৰক আৰু প্ৰেমত আগবাঢ়িবলৈ চেষ্টা কৰক আৰু পৰস্পৰে পৰস্পৰক কোনো কাম কৰাৰ ক্ষেত্ৰত পিছলৈ নাটানিব। কাৰণ যদিহে আপোনাৰ প্ৰেম জীৱন ভালদৰে চলি থাকে, তেতিয়াহে আপুনি জীৱনৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ’ব।" আপুনি এই সপ্তাহত নিজৰ ওপৰত একাধিক কামৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে, যাৰ বাবে আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হ"ব পাৰে। ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব, লগতে আপুনি সময়মতে কোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসফল অনুভৱ কৰিব। "এই ৰাশিৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত নিজৰ সুখ-শান্তিৰ বাবে নিজৰ সকলো সময় ব্য়য় কৰিব পাৰে। যি কি নহওক ইয়াৰ নেতিবাচক পৰিণামসমূহ আপুনি উপলব্ধি কৰালৈ যথেষ্ট দেৰি হৈ যাব।" আপোনাৰ জীৱনসঙ্গী এই সপ্তাহত অধিক ব্যস্ত হৈ থাকিব, কাৰণ কৰ্মক্ষেত্ৰত তেওঁৰ কৰিবলগীয়া কাম অধিক থাকিব। ইয়াৰ বাবে, আপুনি প্ৰিয়জনৰ সৈতে সুন্দৰ মুহুৰ্ত অতিবাহিত কৰিব নোৱাৰিব। ইয়াৰ বাবে, আপোনাৰ প্ৰিয়জনৰ মনটো দুখী হৈ থাকিব, লগতে কিছুমান সৰু-সুৰা যুক্তি-তৰ্কও হ"ব পাৰে।

উপায়: আপুনি দৈনিক 19 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।

কণ্যা ৰাশি

আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি সপ্তম গৃহত বিৰাজনমান হোৱাৰ কাৰণে পৰিয়াল আৰু ব্যক্তিগত জীৱনত চলি থকা চাপপূৰ্ণ কাৰ্য্যকলাপে আপোনাক ভিতৰৰপৰা হতাশ আৰু অস্থিৰ কৰি তুলিব পাৰে। অৱশ্যে, এই সময়ছোৱাত আপুনি নিজৰ অস্থিৰতা আনৰপৰা লুকুৱাই ৰাখিব. যাৰ বাবে আপোনাৰ স্বভাৱত আক্ৰমণাত্মক মনোভাৱ ফুটি উটিব পাৰে। " "এই সপ্তাহত, যদিহে আপুনি নিজৰ আৰ্থিক পৰিস্থিতি ভাল কৰিবৰ বাবে অৰ্থ উপাৰ্জন কৰিব বিচাৰে, তেনেহ"লে আপোনাৰ বাবে সফলতাৰ মূলমন্ত্ৰ হ"ব আপোনাতকৈ বিজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰপৰা পৰামৰ্শ গ্ৰহণ কৰি ধন বিনিয়োগ কৰাটো। কেৱল তেতিয়াহে আপুনি নিজৰ ধন সুৰক্ষিত কৰি ৰখাৰ লগতে লাভ প্ৰাপ্ত কৰিবলৈ সমৰ্থ হ"ব।" "এই সপ্তাহত, ঘৰলৈ এটি শিশুৰ আগমনৰ ফলত পৰিয়ালটোত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। ই পৰিয়ালৰ সদস্যসকলৰ মাজত ভাতৃত্ববোধৰ মনোভাৱ বৃদ্ধি কৰিব, যাৰ বাবে আপুনি পৰিয়ালৰ সৈতে আনন্দ উদযাপন কৰিবৰ বাবে সপ্তাহটোৰ শেষৰফালে বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই সপ্তাহত, আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল হ"ব। ই আপোনাৰ আচৰণলৈ ইতিবাচকতা আনি দিব আৰু আৰু আপোনাৰ প্ৰেমাস্পদে সন্তুষ্টি লাভ কৰিব। লগতে, আপুনি সেই সকলোবোৰ বদঅভ্যাস ত্যাগ কৰা উচিত যিবোৰে আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহত, কৰ্মক্ষেত্ৰ আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু আপোনাৰ মূৰব্বী কিছু ক্ৰোধিত অৱস্থাত থাকিহ। যাৰ বাবে তেওঁলোকে আপুনি কৰা সকলো কামতে তেওঁলোকে আঁসোৱাহ উলিওৱা দেখা যাব। ই আপোনাৰ মনোবল ভাঙি পেলাব পাৰে আৰু লগতে আপুনি কেতিয়াবা আন সহকৰ্মীৰ সম্মুখত অসন্মানিত অনুভৱ কৰিব পাৰে। "ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহৰ ৰাশিফলে প্ৰকাশ কৰে যে এই সময়ছোৱা তেওঁলোকৰ বাবে যথেষ্ট শুভ হ"ব। কাৰণ এই সময়ছোৱাত আপুনি অনুকূল ফলাফল প্ৰাপ্ত কৰিব, লগতে আপুনি অধ্যয়নৰ প্ৰতিও সজাগ হৈ থাকিব যি ভাল ফলাফল প্ৰদান কৰিব।" "এই সপ্তাহত, আপুনি জীৱনসঙ্গীৰপৰা প্ৰেম আৰু অন্তৰংগতাৰ অনুভৱ আশা কৰিব। ই আপোনালোকৰ বৈবাহিক জীৱনৰ বান্ধোন শক্তিশালী কৰি তুলিব আৰু আপুনি এই সময়খিনি সম্পূৰ্ণৰূপে উপভোগ কৰিব।

উপায়: শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

তুলা ৰাশি

এই সপ্তাহত আপোনাৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপোনাৰ মনত নেতিবাচক চিন্তাৰ উৎপন্ন হ’ব পাৰে। সেয়েহে, আপোনাৰ স্বাস্থ্য উন্নত কৰক, কিয়নো এই কথা আপুনিও ভালদৰে বুজি পায় যে দুৰ্বল শৰীৰে মানুহৰ মনটোকো দুৰ্বল কৰি তোলে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা ৰাহু ষষ্ঠ গৃহত বিৰাজমান হোৱাৰ ফলত এই সপ্তাহত, যিসকল লোক ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকে ভাল ফলাফল প্ৰাপ্ত কৰিব। যিসকলে অংশীদাৰী ব্যৱসায় কৰি আছে, তেওঁলোক কোনো ডাঙৰ লেন-দেনৰপৰা লাভাম্বিত হ"ব পাৰে। যি কি নহওক, তেওঁলোকৰ খৰচো ক্ৰমান্বয়ে বৃদ্ধি হ"ব। লগতে, এই সপ্তাহত তেওঁলোক কোনো আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ যোগ নাই।" "আপুনি ফোন কল বা সামাজিক মাধ্যমৰদ্বাৰা কোনো দূৰ সম্পৰ্কীয় ব্যক্তিৰপৰা কোনো দুঃসংবাদ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণে, আপুনি আৰু লগতে আপোনাৰ পিতৃ-মাতৃয়ে কিছু ভয় খাব পাৰে। এনে পৰিস্থিতিত, আৰম্ভণিৰেপৰাই নিজকে সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত কৰি তোলক। এই সপ্তাহত, প্ৰেমত থকা লোকসকলে প্ৰেমাস্পদৰ সৈতে মুকলিকৈ মনৰ কথা পাতিব পাৰিব। ইয়াৰ ফলত, আপুনিও অনুভৱ কৰিব যে এই কথাবোৰে আপোনাৰ পক্ষত ক্ৰিয়া কৰিব, আৰু সম্পৰ্কৰ সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। আপোনাৰ প্ৰেমাস্পদে নিজৰ মিঠা কথাৰদ্বাৰা এই সময়ছোৱাত আপোনাক যথেষ্ট পৰিমাণে সন্তুষ্ট কৰিব। ব্যৱসায় কৰি থকা লোকসকলে, শুভ গ্ৰহসমূহৰ প্ৰভাৱৰ দ্বাৰা এই সপ্তাহত কেৰিয়াৰৰ ক্ষেত্ৰত পদোন্নতি সম্পৰ্কীয় ভাল সুযোগ প্ৰাপ্ত কৰিব। ইয়াৰ ফলত, এই সময়ছোৱাত পৰিস্থিতিবোৰ ভাললৈ আহিব।" "এই সপ্তাহটো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হ"ব যিসকলে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। বিশেষকৈ এই প্তাহটোৰ আৰম্ভণিতে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু তাৰপিছত আপুনি কম পৰিশ্ৰম স্বত্বেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ"ব।" "যিসকল নৱবিবাহিত দম্পতীয়ে কিছুদিনৰপৰা পৰিয়াল বৃদ্ধি কৰাৰ কথা ভাবি আছে তেওঁলোকে অৱশেষত এই সময়ছোৱাত নতুন অতিথিৰ আগমনৰ বিষয়ে ভাল খবৰ লাভ কৰিব। এই খবৰটোৱে আপোনালক দুয়োকে পৰস্পৰৰ কাষ চাপি যোৱাৰ এক সুযোগ প্ৰদান কৰিব।

উপায়: আপুনি দৈনিক 19 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

বৃশ্চিক ৰাশি

আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা ৰাহু পঞ্চম গৃহত উপস্থিত হোৱাৰ ফলত এই সপ্তাহত আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰা কৰাটো পৰিহাৰ কৰা উচিত, কিয়নো এই সময়ছোৱাত আপোনাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল হ"ব। সেয়েহে, এই সময়খিনিত আপুনি বিশ্ৰাম লোৱাটো ভাল হ"ব। "আনৰ ওপৰত বিশ্বাস কৰাটো ভাল, কিন্তু অন্ধভাৱে কাৰোবাক বিশ্বাস কৰাটো বা আস্থাত লোৱাটো কোনো কোনো সময়ত আপোনাৰ বাবে হানিকাৰক প্ৰমাণিত হ"ব পাৰে। সেয়েহে, অন্ধভাৱে কাৰোবাক বা কোনো বিশেষ ব্যক্তিক বিশ্বাস কৰাটো পৰিহাৰ কৰক।" "এই সপ্তাহত আপোনাৰ জীৱনত চলি থকা আৰ্থিক সংকটৰ বাবে আপুনি পৰিয়ালৰ সম্মুখত অপমানিত হ"ব পাৰে। কাৰণ ঘৰৰ কোনো সদস্যই আপোনাৰ পৰা কোনো সামগ্ৰী অথবা অৰ্থ দাবী কৰিব পাৰে, যিটো আপুনি পূৰণ কৰিবলৈ অসমৰ্থ হ"ব। যদিহে আপুনি নিজৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিব খোজে, তেনেহ"লে আপুনি নিজৰ প্ৰেমাস্পদক অনুভৱ কৰোৱাব লাগিব যে তেওঁ আপোনাৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ। যদিহে আপুনি এনে কৰে, তেনেহ"লে আপুনি প্ৰেম জীৱনলৈ অহা বহুতো সমস্যা দূৰ কৰিবলৈ সক্ষম হ"ব। এনে অনুকূল পৰিস্থিতিয়ে আপোনাৰ আত্মবিশ্বাসৰ স্তৰ বৃদ্ধি কৰিব, আৰু প্ৰতিদানস্বৰূপে, আপোনাৰ প্ৰেমাস্পদেও আপোনাৰ বাবে বিশেষ কিবা কৰিব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি সপ্তম গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত, আপুনি কৰ্মক্ষেত্ৰত পূৰ্বৰ সকলোবোৰ বিবাদৰ অন্ত পেলাই নিজৰ অগ্ৰজ আৰু অনুজসকলৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ"ব। এনে কৰাৰদ্বাৰা আপোনাৰ ভাৱমূৰ্ত্তি ভাল হোৱাৰ লগতে আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাব। " "আপোনাৰ সাপ্তাহিক ৰাশিফল অনুসৰি, এই সপ্তাহটোত ছাত্ৰ-ছাত্ৰীসকলে অনুকূল ফলাফল লাভ কৰিব পাৰিব। যি কি নহওক, সপ্তাহটোৰ মাজভাগত এনে বহুতো পৰিস্থিতি আহিব যেতিয়া তেওঁলোকে অধ্যয়নত ভাল নম্বৰ প্ৰাপ্ত কৰিব পাৰিব, আনকি কম পৰিশ্ৰম কৰা স্বত্বেও যিহেতু তেওঁলোকে এই সময়ছোৱাত অধ্যয়নত মনোনিৱেশ কৰিব পাৰিব আৰু তেনেদৰে, অধ্যয়নৰ ক্ষেত্ৰত বিকাশ লাভ কৰিব।" "এই সপ্তাহত বিবাহিত জীৱনত সকলোখিনি ভালে যোৱাৰ লগতে, আপোনাৰ আচৰণো প্ৰাণোচ্ছল হৈ থকা দেখা যাব। ইয়াৰ কাৰণে, আপুনি সামাজিক মাধ্যমত পোৱা বিবাহিত জীৱনৰ লগত জড়িত কিছুমান কৌতুক আপোনাৰ জীৱনসঙ্গীৰ সৈতে চেয়াৰ কৰিব পাৰে।

উপায়: আপুনি দৈনিক 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।

ধনু ৰাশি

এই সপ্তাহত, আপোনাৰ স্বাস্থ্য যোৱাটো সপ্তাহতকৈ ভাল হ"ব আৰু আপোনাৰ শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰদ্বাৰা, আপুনি যথেষ্ট আৰোগ্য অনুভৱ কৰিব। ইয়াৰ বাবে আপুনি দীৰ্ঘম্য়াদী ৰোগৰপৰা আৰোগ্য লাভ কৰিব পাৰিব। লগতে, এই সময়ছোৱাত আপুনি উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। " "যদিহে আপোনাৰ উপাৰ্জনৰ এক বৃহৎ অংশ বহুদিনৰপৰা হিচাপে ক্ষতিপূৰণ আৰু ধাৰ হিচাপে ক"ৰবাত আৱদ্ধ হৈ আছে, তেনেহ"লে এই সপ্তাহত অৱশেষত সেই ধনসমূহ আপোনাৰ হাতলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। কাৰণ, এই সময়ছোৱাত, কেইবাটাও শুভ গ্ৰহৰ অৱস্তান আৰু দৃষ্টিয়ে এই ৰাশিৰ বহুতো লোকৰ আৰ্থিক লাভৰ সংকেট প্ৰদান কৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা ৰাহু চতুৰ্থ গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে এই সপ্তাহত পৰিয়ালত, আপোনাৰ ঘনিষ্ঠ বা ঘৰুৱা সদস্যই যাতে আপোনাৰ কোনো কথা বা কামৰদ্বাৰা আঘাত নাপায় তাৰ বাবে বিশেষ গুৰুত্ব দিয়া উচিত। এনে পৰিস্থিতিত, আপুনি নিজৰ কামৰ মাজৰপৰা তেওঁলোকৰ বাবে কিছু সময় উলিওৱা উতিত আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ বুজিবলৈ চেষ্টা কৰা উচিত। এই সপ্তাহত, আপুনি ৰোমাঞ্চ উপভোগ কৰিবৰ বাবে বহুতো সুযোগ লাভ কৰিব যিহেতু আপুনি বেছিভাগ সময় প্ৰেমাস্পদৰ সৈতে কটাব আৰু সেয়েহে, আপুনি মুকলি মনেৰে নিজৰ অভিজ্ঞতা আৰু প্ৰেমৰ প্ৰকাশ কৰা উচিত। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি চতুৰ্থ গৃহত বিৰাজমান হোৱাৰ ফলস্বৰূপে এই সপ্তাহত কৰ্মক্ষেত্ৰখনত কোনো কাম সম্পূৰ্ণ কৰাত আপুনি সমস্যাৰ সন্মুখীন হ"ব পাৰে, কিন্তু আপোনাৰ জ্যেষ্ঠ বিষয়াসকলে স্বৰ্গদূতৰ দৰে আচৰণ কৰি প্ৰতিটো সমস্যাৰপৰা আপোনাক পৰিত্ৰাণ প্ৰদান কৰিব। ইয়াৰ বাবে আপুনি আৰম্ভণিতে আপোনাৰ সকলো সমস্যাৰ বিষয়ে তেওঁলোকক অৱগত কৰি তেওঁলোকৰ সহযোগিতা "বহুতো শিক্ষাৰ্থীৰ পূৰ্বৰ প্ৰচেষ্টা, যাক তেওঁলোকে ব্যৰ্থ বুলি বিবেচনা কৰি লৈছিল, সেয়া এই সপ্তাহত ফলপ্ৰসূ প্ৰমাণিত হ"ব আৰু তেওঁলোকে নিজৰ জ্ঞান আৰু দক্ষতাৰদ্বাৰা শিক্ষকসকলক সন্তুষ্ট কৰাত সফল হ"ব। ই তেওঁলোকক আগন্তুত পৰীক্ষাত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাত সহায় কৰিব।" "এই সপ্তাহত, আপুনি বৈবাহিক জীৱনৰ কোনো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত শাহুমাৰপৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰে। আপোনাৰ শাহুমায়ে আপোনাক আপোনাৰ জীৱনসঙ্গীতকৈ অধিক বিশ্বাস কৰাৰ সম্ভাৱনা আছে আৰু ই আপোনাক এক সিদ্ধান্ত লোৱাত সহায় কৰিব।

উপায়: শনিবাৰে ৰাহু গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

মকৰ ৰাশি

আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি তৃতীয় গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল হ"ব। এই সময়ছোৱাত, স্বাস্থ্যৰ প্ৰতি আপোনাৰ যত্নৰ বাবে বহুতো সমস্যাৰপৰা সকাহ লাভ কৰিব পাৰিব। এনে পৰিস্থিতিত, যোগ আৰু ব্যায়ামৰ অভ্যাস কমি যাবলৈ নিদিব আৰু যিমান পাৰে সেউজীয়া শাক-পাচলি খাবলৈ যত্ন কৰক। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা কেতু নৱম গৃহত উপস্থিত হোৱাৰ ফলত দেখা গৈছে যে আপুনি প্ৰায়ে আপোনাৰ ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত অসাৱধান হয়। যাৰ নেতিবাচক প্ৰভাৱে আপোনাৰ জীৱনত আৰ্থিক সংকটৰ সৃষ্টি কৰিব পাৰে, সেয়েহে আপুনি এই সপ্তাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ধন সঞ্চয়ৰ বিষয়ে কথা পতাৰ লগতে তেওঁলোকৰ সৈতে এই বিষয়ে আলোচনা কৰা উচিত। কিয়নো এই সময়ছোৱাত, আপোনাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু তেওঁলোকৰ অভিজ্ঞতাহে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে সহায়ক প্ৰমাণিত হ"ব। "কাৰ্য্যালয় বা কৰ্মক্ষেত্ৰৰ অত্যাধিক চাপৰ বাবে আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কলৈ সমস্যা আহিব পাৰে। এই সময়ছোৱাত, আপুনি পৰিয়ালৰ সম্মুখত দিয়া কোনো কথা ৰাখিবলৈ ব্যৰ্থ হ"ব, যাৰ বাবে আপুনি তেওঁলোকৰ ক্ৰোধৰ সম্মুখীন হ"বলগীয়া হ"ব পাৰে। এই সপ্তাহত, আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অহা উত্থান-পতন স্বত্বেও আপুনি প্ৰেমাস্পদৰ লগতেই থাকিব। আপুন তেওঁক কোনো উপহাৰ দি সুখী কৰি তুলিব পাৰে আৰু তেনেদৰে, আপোনালোকৰ মাজৰ বুজাবুজি পূৰ্বতকৈও দৃঢ় হ"ব। এই সপ্তাহত, আপুনি প্ৰয়োজনীয় সংশোধন কৰোঁতে নিজৰ পৰিকল্পনা আৰু আঁচনিসমূহ পুণৰ নীৰিক্ষণ কৰা উচিত। কাৰণ এই সময়ছোৱাত, আপোনাৰ প্ৰচেষ্টা অনুসৰিহে ফলাফল আৰু লাভ প্ৰাপ্ত কৰিব পাৰিব। যি কি নহওক, উচ্চাকাংক্ষী হোৱাৰ ফলত আপুনি অলপতে সন্তুষ্ট হ"ব নোৱাৰিব। " এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব তেওঁৰ চিন্তা আৰু সাজ-পোছাকৰদ্বাৰা প্ৰতিফলিত হয়, সেয়েহে স্কুল বা কলেজলৈ যাওঁতে আপুনি এইক্ষেত্ৰত বিশেষ সতৰ্কৱান হোৱাটো ভাল হ"ব। অন্যথা, ই আপোনাৰ প্ৰতিচ্ছবি বেয়া কৰিব পাৰে। "এই সপ্তাহত, আপুনি নিজৰ জীৱনসঙ্গীৰপৰা পৰামৰ্শ গ্ৰহণ কৰা উচিত আৰু বিবাহিত জীৱনৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে যথেষ্ট পৰিমাণে চিন্তা কৰি চোৱা উচিত। আপোনাৰ জীৱনসঙ্গীৰ অভিজ্ঞতাই আপোনাক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু ই আগলৈ আপোনালোকৰ মাজৰ প্ৰেম আৰু ভালপোৱা বৃদ্ধি কৰিব পাৰে।

উপায়: আপুনি দৈনিক 44 বাৰ 'ঔঁ মন্দায় নমঃ' মন্ত্ৰ জপ কৰক।

কুম্ভ ৰাশি

আপোনাৰ চিকিৎসাত কৰা পৰিৱৰ্তনে এই সপ্তাহত আপোনাৰ স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলোৱা দেখা যাব। ইয়াৰ বাবে, আপোনাৰ সময়সূচীৰ সঠিক সংশোধন কৰক আৰু যদিহে প্ৰয়োজন হয়, তেনেহ"লে কোনো ভাল চিকিৎসকৰপৰা খাদ্য তালিকা প্ৰস্তুত কৰোৱাই লওক। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ ফলত চাকৰি কৰি থকা লোকসকলক এই সপ্তাহত আটাইতকৈ বেছি ধনৰ প্ৰয়োজন হ"ব, কিন্তু অতীতত আপুনি কৰা অত্যাধিক ব্যয়ৰ বাবে এতিয়া তেওঁলোকৰ ওচৰত পৰ্যাপ্ত ধন নাথাকিব পাৰে। ইয়াৰ ফলত আপুনি প্ৰতিকূলতা পৰিস্থিতিৰ সন্মুখীন হ"ব পাৰে। "যদিহে আপুনি পাৰ্টিলৈ যোৱাৰ কথা ভাবি আছে, তেনেহ"লে আপোনাৰ ঘনিষ্ঠ বন্ধুলৈ কল কৰক। কাৰণ এনে বহুতো লোক আছে যি আপোনাৰ উদ্যম বঢ়াই তুলিব। লগতে এই সপ্তাহত, বিশেষ একো নকৰাকৈয়ে, আপুনি সহজেই পৰিয়ালৰ সদস্যসকলৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব। প্ৰেম জীৱনত দেখা দিয়া সকলোবোৰ সমস্যা দূৰ হ"ব, কাৰণ এই সপ্তাহত, আপুনি প্ৰেমাস্পদৰ সৈতে সকলোবোৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ"ব। প্ৰেম জীৱনলৈ সুখ ঘূৰি আহিব। আপোনাৰ প্ৰেমাস্পদৰ পৰিয়ালৰ এগৰাকী সদস্যক লগ পাই আপোনাৰ ভাল লাগিব। এই ৰাশিৰ কোনো কোনো লোকে নিজৰ প্ৰেমাস্পদক সুখী কৰিবৰ বাবে তেওঁক কিবা উপহাৰ প্ৰদান কৰিব পাৰে। যি ব্যৱসায়ক সফল কৰি তুলিবৰ বাবে আপুনি বছৰ বছৰ ধৰি নিজৰ তেজ-ঘাম মাটিত পেলাই কষ্ট কৰিছিল তাক এক বৃত্তিগতভাৱে এক ভাল স্বীকৃতি প্ৰদান কৰোৱাত আপুনি এই সপ্তাহত সফলতা লাভ কৰিব পাৰিব। এই সময়ছোৱাত, আপোনাৰ চকুত সুখৰ চকুপানী বিৰিঙি উঠা স্পষ্টভাৱে দেখা যাব। এনে পৰিস্থিতিত, আপুনি সকলো কৃতিত্ব নিজে লোৱাৰ সলনি, আপোনাৰ সহকৰ্মী, ভগৱান আৰু আপোনাৰ পৰিয়ালৰ সেই সকলো লোকক কৃতজ্ঞতা প্ৰদান কৰিব লাগিব, যিসকলে প্ৰতিটো পৰিস্থিতিত আপোনাৰ কাষত স্তম্ভৰ দৰে থিয় দি আছিল। "এই সময়ছোৱা বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ"ব, কাৰণ এই সমছোৱাত আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ"ব, সেই সময়তে, আপোনাৰ সফলতা আৰু উন্নতি বৃদ্ধি পাব। যি সমাজত আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সন্মান বৃদ্ধি কৰিব। এই সপ্তাহত, আপুনি বিবাহিত জীৱনৰ প্ৰকৃত সোৱাদ পাব। কাৰণ এই সময়খিনি আপোনাৰ বিবাহিত জীৱনৰ আটাইতকৈ ভাল সময় হিচাপে প্ৰমাণিত হ"ব আৰু এই সময়ছোৱাতে আপুনি জীৱনসঙ্গীৰ সৈতে মনোৰম সময় পাৰ কৰা দেখা যাব।

উপায়: শনিবাৰে দৰিদ্ৰ লোকক অন্ন দান কৰক।

মীন ৰাশি

এই সপ্তাহত বিশেষভাৱে গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল"ব লাগিব। অন্যথা, যিকোনো ধৰণৰ সংক্ৰমণৰ বাবে আপুনি যথেষ্ট স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ"ব পাৰে। আমাৰ জ্যেষ্ঠসকলে আমাক সদায় কয় যে "আঠুৱা চাইহে ঠেং মেলিব লাগে", আৰু এই প্ৰবাদটো এই সপ্তাহত আপোনাৰ ৰাশিফলৰ সৈতে প্ৰায় মিলি গৈছে। কাৰণ এই সময়খিনিত, আপুনি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ লগতে ধন ব্যয়ৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। "এই সপ্তাহত, আপুনি নিজ পৰিয়ালৰ সদস্যসকলৰ সহায়-সহযোগিতাত সমাজৰ বিকাশৰ বাবে কাম কৰিব পাৰে আৰু ই মানুহৰ মাজত আপোনাৰ সন্মান বৃদ্ধি কৰিব। এইখিনি সময়ত, আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি তৃতীয় গৃহত বিৰাজমান হোৱাৰ ফলস্বৰূপে আপুনি ধৰ্মীয় কাৰ্য-কলাপতো অংশগ্ৰহণ কৰিব। এই সপ্তাহত, আপুনি যথেষ্ট আনন্দিত হৈ থাকিব, যদিও আপোনাৰ আপোনজনৰ সৈতে কিছুমান পুৰণা সমস্যা আৰু বিবাদ হ"ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ দৃষ্টিভংগীৰে কথাবোৰ প্ৰেমাস্পদক বুজোৱাৰ ক্ষেত্ৰত কিছু জটিলতা অনুভৱ কৰিছে। এনে পৰিস্থিতিত, নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বিবাদ অধিক বৃদ্ধিহে হ"ব পাৰে। যিসকল লোক কোনো সৃষ্টিশীল কামৰ সৈতে জড়িত, তেওঁলোক এই সপ্তাহত বহুতো সমস্যাৰ সম্মুখীন হ"ব পাৰে। কাৰণ এই সময়ছোৱাত আপুনি নিজৰ দক্ষতাক লৈ সন্দেহ কৰিব পাৰে। ই আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰতো অসুৰক্ষিত মনোভাৱ আনি দিব।" "এই ৰাশিৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন দেখি আছিল তেওঁলোকে এই সপ্তাহত কোনো বাল খবৰ লাভ কৰিব পাৰে। যি কি নহওক, ইয়াৰ বাবে আপুনি নিজৰ সকলোবোৰ নথি-পত্ৰ সাজু কৰি ৰাখিব লাগিব আৰু যিখন বিদ্যালয় বা মহাবিদ্যালয়ত আপুনি নামভৰ্ত্তিৰ সুযোগ লাভ কৰিছে সেইখনৰ বিষয়ে ভালদৰে সবিশেেষ তথ্য একত্ৰিত কৰিব লাগিব।" "বহুদিনীয়া ভুল বুজাবুজিৰ পিছত, আপোনাৰ প্ৰেমাস্পদে আপোনাক ভালপোৱা আৰু সমৰ্থন প্ৰদান কৰিব। এই সময়ছোৱাত, আপোনালোক দুয়ো পৰস্পৰৰ যথেষ্ট কাষ চাপি আহিব, যাৰ বাবে আপুনি তেওঁৰ সৈতে ৰোমাণ্টিক মুহুৰ্ত্ত কটাবৰ বাবে একেলগে কোনো ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

উপায়: বৃহস্পতিবাৰে দৰিদ্ৰ ব্ৰাহ্মণক অন্ন দান কৰক।

Disclaimer: The information provided here is collected from publicly available online resources. All credits go to the original authors and astrologers. This is for informational purposes only.